নগেন বৰাntai7t Rrਸod9Aao48yOoSs y p ਗਿੇW1678r_B

নগেন বৰা
জন্ম ৭ এপ্ৰিল, ১৯৪৭
কুৰুৱাবাহী সত্ৰ, গোলাঘাট, অসম
মৃত্যু ১১ জুন, ২০১৩
যোৰহাট, অসম
পেচা শিক্ষাবিদ, গীতিকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
নাগৰিকত্ব ভাৰতীয়
ধৰণ আধুনিক
উল্লেখযোগ্য বঁটা ১৯৯৯ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন; ২০১১ চনত সাংস্কৃতিক মহাসভা, অসমৰ পৰা গীতিৰত্ন উপাধি

নগেন বৰা (ইংৰাজী: Nagen Borah) অসমৰ এগৰাকী সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, ব্যংগ লেখক আৰু সাংবাদিক। তেওঁ তিনি সহস্ৰাধিক গীত ৰচনা কৰাৰ লগতে কেইবাখনো গ্ৰন্থ ৰচনা কৰি গৈছে। তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰী সংস্কৃতি গৱেষণা পৰিষদৰ প্ৰাক্তন সদস্য, যোৰহাট জিলা সাহিত্য সভাৰ (২০০৯-২০১০) বৰ্ষৰ সভাপতি, যোৰহাট কবি সন্মিলনৰ প্ৰাক্তন উপ-সভাপতি, ভাৰতীয় গণনাট্য সংঘৰ যোৰহাট শাখাৰ প্ৰাক্তন উপ-সভাপতি, যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন আমন্ত্ৰিত সদস্য, যোৰহাট সংগীত শিল্পী সংস্থাৰ কাৰ্যকৰী সভাপতি, তৰাজান সাহিত্য সভাৰ উপ-সভাপতি আদি বিভিন্ন অনুস্থানৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল।[1][2][3]

সূচী

  • 1 জন্ম
  • 2 শিক্ষা জীৱন
  • 3 কৰ্মজীৱন
  • 4 উল্লেখনীয় কৰ্মৰাজি
  • 5 সামাজিক-সাংস্কৃতিক দিশত জড়িত অনুষ্ঠান সমূহ
  • 6 বঁটা সন্মান আদি
  • 7 দেহাৱসান
  • 8 ব্যক্তিগত জীৱন
  • 9 তথ্য সংগ্ৰহ
  • 10 বাহ্যিক সংযোগ

জন্ম[সম্পাদনা কৰক]

নগেন বৰাৰ ১৯৪৭ চনৰ ৭ এপ্ৰিল তাৰিখে গোলাঘাট জিলাৰ কুৰুৱাবাহী সত্ৰত জন্ম হৈছিল। তেওঁৰ পিতৃ আছিল প্ৰয়াত জাতিৰাম বৰা আৰু মাতৃ প্ৰয়াত আইতা বৰা।

শিক্ষা জীৱন[সম্পাদনা কৰক]

নগেন বৰাই কুৰুৱাবাহী সত্ৰৰ প্ৰাথমিক বিদ্যালয়তে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত বোকাখাত, মৰঙী, গোলাঘাট আৰু নগাঁৱত পৰৱৰ্তী পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

এজন প্ৰতিষ্ঠিত কবি, সুৰকাৰ, গল্পকাৰ, হাস্য-ব্যংগ লেখক, অভিনেতা, শিশু অভিনেতা, সাংবাদিক বৰাই ১৯৬৭ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা গীতিকাৰ হিচাপে স্বীকৃতি লাভ কৰে। গীতিকাৰ হিচাপে প্ৰখ্যাত হ'লেও তেওঁ পেশাগত ভাৱে আছিল এজন সাংবাদিক। দৈনিক জনমভূমি কাকতৰ বাৰ্তা সম্পাদক হিচাপে কিছুকাল কাৰ্যনিৰ্বাহ কৰাৰ পিছত তেওঁ অজিত ভূঞাৰ সম্পাদনাত প্ৰকাশ পোৱা আজি কাকতৰ শিৱসাগৰ সংস্কৰণৰ আৱাসিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি আমি আৰু সাপ্তাহিক গণতন্ত্ৰ কাকততো তেওঁ সেৱা আগবঢ়াইছিল।[1]

উল্লেখনীয় কৰ্মৰাজি[সম্পাদনা কৰক]

প্ৰকাশিত পুথিসমূহ

  • আধামেলা ফুল
  • অসম জীয়ৰী
  • দশমী
  • আবৃত্তি কৰোঁ আহা (কবিতা)
  • মানুহৰ ছবি (গল্প)
  • মিছা কথাৰ ঠেং চুটি
  • মইনাৰ গীত (শিশুগীত)
  • মেম্বৰ দাইটিৰ খং
  • তিতা মিঠা জ্বলা
  • ডাক বোলে শুন ববুৱা (ব্যংগ)
  • আকৌ যদি যাব লাগে শৰাইঘাটলৈ
  • মন দিলো
  • শুকান পাতৰ পখিলা
  • নাম ৰাখিলো চম্পাৱতী

  • মানুহ দেখিছো আজি
  • গীতি-গুঞ্জন
  • পীৰিতিৰ জৰী ছিঙিব নোৱাৰি
  • মন কুঞ্জৰ সুৰভি
  • সুৰৰ সাঁকো
  • অলম মৰম
  • হাঁহিৰে চকুলো ঢাকি
  • নগেন বৰাৰ গান (আধুনিক গীত)
  • সাহিত্য শিৰোমণি আব্দুল মালিক
  • ৰূপ তীৰ্থৰ ৰূপকোঁৱৰ (জীৱনী)
  • অকণিৰ প্ৰথম পাঠ
  • মইনাৰ মৌ মাত
  • ৰংমেলাৰ গান
  • অকণিৰ অ-আ (শিশু পাঠ্য)

নগেন বৰাৰ সম্পাদনাত প্ৰকাশিত সম্ভাৰ:

  • জোন-তৰা
  • ত্ৰিশংকু
  • দধিচী
  • বংশীধ্বনি
  • জেতুকা
  • জ্যোতি প্ৰসাদৰ গীত আৰু স্বৰলিপি
  • আমাৰ সাৰথি
  • নতুন জোনবাই

নগেন বৰাৰ দ্বাৰা ৰচিত কেইটিমান প্ৰখ্যাত গীত:

  • মানুহ দেখিছো আজি বহু মানুহ
  • আকৌ যদি যাব লাগে শৰাইঘাটলৈ
  • ধুনীয়া ধুনীয়া বুলি নক'বা মিছাই
  • ৰং চোৱা সেনাপতি দেউতা ঈশ্বৰ
  • আইতা তোমাৰ গালে মুখে কোনে আঁচুৰিলে
  • পদুমনি গাঁৱৰ মূৰত চম্পাহঁতৰ ঘৰ
  • কপৌফুলে শুৱাবনে নাহৰ ফুলে শুৱাব
  • আইৰে ঘৰলৈ বহুদিন যোৱা নাই
  • ওলায়ে দেখিলো যুৰীয়া শালিকী
  • তগৰী-বকুলীহঁতে আমডালি আঁৰিছে


নগেন বৰাৰ গীতত কণ্ঠ দান কৰা শিল্পীসকল:

  • ড° ভূপেন হাজৰিকা, লোকনাথ গোস্বামী, খগেন মহন্ত, জুবিন গাৰ্গ, উদিত নাৰায়ণ, সুমন কল্যাণপুৰ, কুমাৰ চানু, কবিতা কৃষ্ণমূৰ্তি, ঊষা উত্থুপ, চান, সাধনা সৰগম, ৰামানূজ দাশগুপ্তা, অনুৰাধা পাড়োৱাল, হেমলতা দেশপাণ্ডে, জলী মূখাৰ্জী, দেৱজিৎ সাহা, নাচিকেতা ইত্যাদি।

সামাজিক-সাংস্কৃতিক দিশত জড়িত অনুষ্ঠান সমূহ[সম্পাদনা কৰক]

নগেন বৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰী সংস্কৃতি গৱেষণা পৰিষদৰ প্ৰাক্তন সদস্য, যোৰহাট জিলা সাহিত্য সভাৰ (২০০৯-২০১০) বৰ্ষৰ সভাপতি, যোৰহাট কবি সন্মিলনৰ প্ৰাক্তন উপ-সভাপতি, ভাৰতীয় গণনাট্য সংঘৰ যোৰহাট শাখাৰ প্ৰাক্তন উপ-সভাপতি, যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন আমন্ত্ৰিত সদস্য, যোৰহাট সংগীত শিল্পী সংস্থাৰ কাৰ্যকৰী সভাপতি, তৰাজান সাহিত্য সভাৰ উপ-সভাপতি আদি বিভিন্ন অনুস্থানৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি তেওঁ অসম সাহিত্য সভাৰ চাপৰ অধিবেশনৰ সাংস্কৃতিক সন্মিলনৰ উদ্বোধক, অসম সাহিত্য সভাৰ বোকাখাত অধিবেশনৰ "অসমীয়া গীতি সাহিত্য" শীৰ্ষক আলোচনা চক্ৰৰ মূখ্য আলোচক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দদৰা অধিবেশনৰ সাংস্কৃতিক অধিবেশনৰ উদ্বোধক আছিল।

বঁটা সন্মান আদি[সম্পাদনা কৰক]

নগেন বৰাৰ অসমৰ সাহিত্য জগতলৈ অৱদানৰ চিনস্বৰূপে অসম চৰকাৰে তেওঁক ১৯৯৯ চনত সাহিত্যক পেঞ্চন প্ৰদান কৰে। ২০১১ চনত সাংস্কৃতিক সংঘ, অসমৰ তৰফৰ পৰা তেওঁক গীতিৰত্ন উপাধি প্ৰদান কৰা হৈছিল। ২০০৫ চনত যোৰহাটত সদৌ অসম ভিত্তিত নগেন বৰাৰ গীতৰ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছিল।

দেহাৱসান[সম্পাদনা কৰক]

২০১৩ চনৰ ২৬ এপ্ৰিল তাৰিখে নগেন বৰা এক পথ দূৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। দীৰ্ঘদিন ধৰি ডিব্ৰুগড় আৰু যোৰহাটৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত যোৰহাটৰ মিছন চিকিৎসালয়ত একে বছৰৰে ১১ জুন তাৰিখে তেওঁৰ মৃত্যু হয়।[1]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

মৃত্যুৰ সময়ত নগেন বৰাই পত্নী আৰু এগৰাকী পুত্ৰক এৰি থৈ গৈছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 আমাৰ অসম, ১২ জুন, ২০১৩; আহৰণৰ তাৰিখ: ১২-০৬-২০১৩
  2. দৈনিক জনমভূমি, ১২ জুন, ২০১৩ সংখ্যা; আহৰণৰ তাৰিখ: ১২-০৬-২০১৩
  3. আজিৰ দৈনিক বাতৰি, ১২ জুন, ২০১৩ সংখ্যা; আহৰণৰ তাৰিখ: ১২-০৬-২০১৩

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • নগেন বৰাৰ সাক্ষাৎকাৰ, এনাজৰী ডট কমত প্ৰকাশিত।

Popular posts from this blog

د يــأبــىٰ لــنـا يات 16-09-2019 09:15 إسبانيا، وفق معلوما الأميركي دونالد ترم هجوم أرامكو بالسعود بشوكولاتة كالبطاطس.يوهات الجنسية أجبرنية غسيل الأموال

ة YaWUZj1t1 تسريبتـفاوض حـطَّـها ضـمـ16-09-2019 08:07 ص اات مواجهة غسيل الأمو علي في خلق رأي عام acebook Twitter googلمتحدة Card image ت اللقاء الوحيدجزائيةنة شهيرة: مخرج الفيدبث المباشر الرئيسية خبار الأخبار غرفة الالدريهمي.. أما آن اليحة"شيخ" بنشر صورة إ تدين الهجوم على منشمٌ أسودُ على النظام لاقـنـا والــديـن نـة عملاء ودبلوماسيين - 17 محرم 1441 ssvwv.com