ভগৱান মৰল Vv w ldi1se6%:ie: 1h Ierbp 9prY 5 0!owisia_va
| এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ যথেষ্ট তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে আলোচনা পৃষ্ঠাখনটো এই সম্পৰ্কীয় কিবা তথ্য থাকিব পাৰে, সেয়াও আপুনি চাব পাৰে।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্রয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্রহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্রত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্রথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভূল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
| এই প্ৰবন্ধ অথবা অনুচ্ছেদৰ ব্যাকৰণ, লিখনশৈলী, ধাৰাবাহিকতা, সামঞ্জস্য অথবা বানানৰ শুদ্ধিৰ বাবে অনুলিপি সম্পাদনাৰ প্ৰয়োজন। আপুনি এইখন সম্পাদনা কৰি প্ৰবন্ধটো নিখুত হোৱাত সহায় আগবঢ়াব পাৰে। আপুনি কিদৰে সহায় কৰিব তাৰে দিকনিৰ্দেশনা ইয়াত দিয়া আছে। |
ড৹ ভগৱান মৰল অসমীয়া ভাষা বিজ্ঞান চৰ্চাৰ ক্ষেত্ৰখনৰ এটা অতি চিনাকি নাম।প্ৰচলিত চিন্তা-চৰ্চা তথা মতবাদৰ বিপৰীতে ব্যতিক্ৰমী চিন্তা-চৰ্চাৰে অসমৰ ভাষা বিজ্ঞান অধ্যয়নৰ ক্ষেত্ৰখনক এক নতুন ৰূপ দিবলৈ চেষ্টা কৰা ড৹ ভগৱান মৰল যথাৰ্থতে এগৰাকী সফল ভাষা বিজ্ঞানী।অসমীয়া ভাষাৰ বিভিন্ন দিশ সামৰি কেইবাখনো গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰা ভগৱান মৰলে অসমীয়া ভাষাৰ শব্দাৰ্থ তত্ত্ব সম্পৰ্কে গৱেষণা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে।
সূচী
- 1 জন্ম
- 2 শিক্ষা
- 3 কৰ্মজীৱন
- 3.1 বৃত্তিগত কৰ্ম
- 3.1.1 সামাজিক/সাংগঠনিক কৰ্ম
- 3.1 বৃত্তিগত কৰ্ম
- 4 ভাষা-সাহিত্যলৈ অৱদান
- 4.1 সাহিত্য
- 4.1.1 ভাষা বিষয়ক গ্ৰন্থ
- 4.1.1.1 সম্পাদনা গ্ৰন্থ
- 4.1.1.1.1 অন্যান্য
- 4.1.1.1 সম্পাদনা গ্ৰন্থ
- 4.1.1 ভাষা বিষয়ক গ্ৰন্থ
- 4.1 সাহিত্য
- 5 সন্মান
- 6 মৃত্যু
- 7 প্ৰসংগ পুথি
- 8 তথ্যসূত্ৰ
জন্ম[সম্পাদনা কৰক]
ভাষাবিদ ভগৱান মৰলৰ জন্ম হৈছিল ১৯৩৪ চনৰ ৬ নৱেম্বৰ তাৰিখে শুৱালকুছিত। তেখেতৰ পিতৃৰ নাম আছিল সিদ্ধিনাথ মৰল আৰু মাতৃৰ নাম আছিল যমুনা মৰল।[1]
শিক্ষা[সম্পাদনা কৰক]
১) নিজৰ ওপজা গাঁৱখনত থকা প্ৰাথমিক বিদ্যালয়তেই প্ৰাথমিক শিক্ষা আৰম্ভ।
২) ১৯৫১ চনত শুৱালকুছি হাইস্কুলৰ পৰা উচ্চ গণিত আৰু সংস্কৃত বিষয়ত লেটাৰমাৰ্ক সহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ।
৩) ১৯৫৩ চনত কটন কলেজৰ পৰা ইন্টাৰমিডিয়েট বিজ্ঞান শাখাত(ISC) উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ।
৪) ১৯৫৫ চনত কটন কলেজৰ পৰাই অসমীয়া বিষয়ত অনাৰ্চসহ স্নাতক ডিগ্ৰী লাভ।
৫) ১৯৫৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা অসমীয়া ভাষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
৬) ১৯৮৬ চনত "Semantics of Assamese" শীৰ্ষক গৱেষণা কৰ্মৰ বাবে গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে।[2]
কৰ্মজীৱন[সম্পাদনা কৰক]
বৃত্তিগত কৰ্ম[সম্পাদনা কৰক]
১) ১৯৫৩ চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা দি উঠিয়েই কিছুদিনৰ বাবে শুৱালকুছি হাইস্কুলত শিক্ষকতা কৰিছিল।একেটা বৰ্ষতে নৱপ্ৰতিষ্ঠিত শুৱালকুছি বালিকা হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে শিক্ষকতা কৰিছিল।
২) ১৯৫৮ চনত স্নাতকোত্তৰ পৰীক্ষা দি শেষ কৰি কিছুদিনৰ বাবে গুৱাহাটীৰ ডনবস্ক' হাইস্কুলত শিক্ষকতা কৰিছিল।
৩) ১৯৫৯ চনৰ ১৩ আগষ্টত তেখেতে গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা হিচাবে যোগদান কৰে।১৯৬১ চনৰ ২২ আগষ্টলৈকে তেখেত সেই মহাবিদ্যালয়ত প্ৰবক্তা হিচাবে কৰ্মৰত হৈ আছিল।
৪) ১৯৬১ চনৰ ২৩ আগষ্ট তাৰিখে তেখেতে গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান কৰে। ১৯৮২ চনত তেখেতে অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপকৰ পদ লাভ কৰে আৰু ১৯৯৪ চনৰ ১ মাৰ্চ তাৰিখে এই মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে।
সামাজিক/সাংগঠনিক কৰ্ম[সম্পাদনা কৰক]
১)১৯৫৫ চনত শুৱালকুছিত গঠিত "জ্যোতি সাহিত্য সভা"ৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব গ্ৰহণ।
১৯৬৬ চনত গুৱাহাটীৰ ফটাশিলত গঠিত "প্ৰাগজ্যোতিষ সাহিত্য সভা" ৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব গ্ৰহণ।
৩)কামৰূপ সাহিত্য পৰিষদ(পিছত কামৰূপ সাহিত্য সভা)ৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত।
৪)১৯৭৯ চনত অসম ভাষা বিজ্ঞান সমিতিৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ লোৱাৰ লগতে সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে।
ভাষা-সাহিত্যলৈ অৱদান[সম্পাদনা কৰক]
সাহিত্য[সম্পাদনা কৰক]
ক) কবিতা পুথি: প্ৰেমাঞ্জলি(নৱম শ্ৰেণীত থাকোঁতেই লিখা), সুৰ নিজৰা
খ)উপন্যাস: জয় আই অসম মূৰ্খনায়ক(নাট্যোপন্যাস) ৰত্নগৰ্ভা কামৰূপ(ৰহস্য উপন্যাস)
গ)পাৰিজাত আৰু কক্ষচ্যুত(নাট্যচিত্ৰ)
ভাষা বিষয়ক গ্ৰন্থ[সম্পাদনা কৰক]
ক)অসমীয়া ব্যাকৰণ জ্যোতি (১৯৭৪)[3]
খ)আধুনিক ভাষা বিজ্ঞান
গ)ভাষাৰ্থ বিজ্ঞান
ঘ)অসমীয়া ভাষাৰ স্বতন্ত্ৰতা
ঙ)নানাৰ্থ অভিধান
চ)Assamese: Its Origin and Substratum
৩)গৱেষণা গ্ৰন্থ:
"Semantics of Assamese"(1986 Guwahati University)
সম্পাদনা গ্ৰন্থ[সম্পাদনা কৰক]
ক)নৱজাগৰণ(শুৱালকুছি হাইস্কুলৰ মুখপত্ৰ) খ)অসমীয়া সাহিত্যঃ ন ৰূপ ন-ৰেখা(সুশীল শৰ্মাৰ সৈতে যুটীয়া ভাৱে সম্পাদিত)। গ) Glimpses of Assam: Through the Ages
অন্যান্য[সম্পাদনা কৰক]
ক)শুৱালকুছি খ)সাহিত্যজ্যোতি গ)মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱঃ এক সত্য অন্বেষণ
সন্মান[সম্পাদনা কৰক]
ক)১৯৯৪ চনত অসম চৰকাৰৰ সাহিত্যিক পেন্সন লাভ।
খ)২০০৭-০৯ বৰ্ষৰ কামৰূপ জিলা সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান "কামৰূপ ৰত্ন" লাভ।
গ)২০০৯ চনত তেখেতৰ ৭০ সংখ্যক জন্মদিনত অসম ভাষা বিজ্ঞান সমিতিৰ তৰফৰ পৰা ড৹ নবীন চন্দ্ৰ শৰ্মা, প্ৰভাত চন্দ্ৰ দাস আৰু ড৹ ৰজিতা কলিতাৰ সম্পাদনাত "জ্ঞান-বিজ্ঞান বিমৰ্শন" শীৰ্ষক অভিনন্দন গ্ৰন্থৰ প্ৰকাশ।
ঘ)২০১৩ চনত বৰপেটাৰোডত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৭২ সংখ্যক অধিৱেশনত সম্বৰ্ধনা জ্ঞাপন।
মৃত্যু[সম্পাদনা কৰক]
এইজনা খ্যাতিমান অধ্যাপক, সাহিত্যিক, ভাষাবিদৰ ২০১৩ চনৰ ২৯ এপ্ৰিল তাৰিখে ৮০বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।
প্ৰসংগ পুথি[সম্পাদনা কৰক]
ক) নিজৰাৰ সুৰৰ সন্ধানত পৃষ্ঠা- ৯
খ) শৰ্মা, ড৹ নবীন চন্দ্ৰ ,দাস, প্ৰভাত চন্দ্ৰ, কলিতা, ড৹ ৰজিতা(সম্পাদক)ঃ- জ্ঞান-বিজ্ঞান বিমৰ্শন(অভিনন্দন গ্ৰন্থ, অসম বিজ্ঞান সমিতি) ২০০৯ পৃষ্ঠা-৫
গ) শৰ্মা, কুমাৰ দীপকঃ- "অসমৰ ভাষা বিজ্ঞানী আৰু ভাষা বিজ্ঞান চৰ্চা" প্ৰথম প্ৰকাশ- ২০১৭ প্ৰকাশক- বনলতা পৃষ্ঠা- ৮৩-৯১
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ শৰ্মা, দীপক কুুুমাৰ,:- অসমৰ ভাষা বিজ্ঞানী আৰু ভাষা বিজ্ঞান চৰ্চা।
- ↑ অসমৰ ভাষা বিজ্ঞানী আৰু ভাষা বিজ্ঞান চৰ্চা: দীপক কুমাৰ শৰ্মা
- ↑ স্মৃতি ডেকা খাউণ্ড. "অসমীয়া ভাষাৰ ব্যাকৰণ চৰ্চাৰ ইতিহাস". SLTD, Assam. https://sltdassam.com/sltdresource/?p=69। আহৰণ কৰা হৈছে: 9 September 2019.