খনমাX Rtswos z Nd XqC Jred.gimnve 0 By mL23Cc
| খনমা Khwuno-ra |
|
|---|---|
| — গাওঁ — | |
| দেশ | |
| ৰাজ্য | নাগালেণ্ড |
| জিলা | ক’হিমা |
| উচ্চতা | ১,৬২১ মিটাৰ (< ফুট) |
| জনসংখ্যা (২০১১) | |
| - মুঠ | ১,৯৪৩ জন |
| ভাষা | |
| - চৰকাৰী | ইংৰাজী |
| সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) |
| PIN | 797002 |
| যানবাহনৰ নম্বৰ | NL-01 |
| লিংগ অনুপাত | ১০২৪♂/♀ |
| ৱেবছাইট | nagaland.nic.in |
খনমা নাগালেণ্ডৰ ৰাজধানী কহিমাৰ পৰা বিছ কিলোমিটাৰ পশ্চিমে অৱস্থিত এখন আংগামী নগা গাওঁ৷
গাওঁখনক স্থানীয় এবিধ উদ্ভিদ (Glouthera fragrantisima) ৰ আংগামী নাম অনুসৰি ’Khwuno-ra’ বুলিও জনা যায়৷ খনমাৰ মুঠ জনসংখ্যা ১৯৪৩ জন আৰু ৪২৪ টা পৰিয়াল[1]৷ খনমাক ভাৰতৰ প্ৰথমখন সেউজ গাওঁ বুলি গণ্য কৰা হয়৷
সূচী
- 1 ভৌগোলিক অৱস্থিতি
- 2 জনসংখ্যা
- 3 তথ্যসূত্ৰ
- 4 লগতে চাওক
ভৌগোলিক অৱস্থিতি[সম্পাদনা কৰক]
খনমাৰ মূলত: পাহাৰীয়া৷ ইয়াৰ পাহাৰবোৰ সেউজ অৰণ্যৰে আৱৰি আছে৷ নাগালেণ্ডৰ ৰাজ্যিক চৰাই, ব্লাইথ’ছ ট্ৰগ’পান (Blyth's tragopan) খনমাৰ অৰণ্যত দেখা পোৱা যায়৷[2]
জনসংখ্যা[সম্পাদনা কৰক]
২০১১ চনৰ লোকপিয়ল অনুসৰি খনমাত বসবাস কৰা মুঠ পৰিয়ালৰ সংখ্যা ৪২৪ টা আৰু জনসংখ্যা ১৯৪৩ জন৷ ইয়াৰে ৯১৯ জন পুৰুষ আৰু ১০২৪ গৰাকী মহিলা৷
গাওঁখন তিনিটা খেলত বিভক্ত- মেৰহুমা (Merhüma, M-Khel), চেম’মা (Semoma, S-Khel) আৰু থেভ’মা (Thevoma,T-Khel).
খনমাৰ সাক্ষৰতাৰ হাৰ নাগালেণ্ডৰ ৰাজ্যিক হাৰতকৈ অধিক৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি খনমাৰ নাগালেণ্ডৰ ৭৯.৫৫% ৰ বিপৰীতে ৮৩.৪১% লোক সাক্ষৰ৷ ইয়াৰ ভিতৰত পুৰুষৰ সাক্ষৰতাৰ হাৰ ৯৩.৭২% আৰু মহিলাৰ ৭৪.১৯%[3]
ভাৰত চৰকাৰৰ পঞ্চায়তী ৰাজ আইনৰ অধীনত খনমা গাওঁখন গাওঁবুঢ়াই পৰিচালনা কৰে৷
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "Census 2011, Khonoma village Data". http://www.census2011.co.in/data/village/268287-khonoma-nagaland.html.
- ↑ "KHONOMA - The First Green Village". http://northeasttourism.gov.in/khonoma.html#sthash.KMr81ptA.dpuf.
- ↑ "Census 2011, Literacy rate in Khonoma village". http://www.census2011.co.in/data/village/268287-khonoma-nagaland.html.
লগতে চাওক[সম্পাদনা কৰক]
- আংগামী জাপো ফিজ’